১৮৮২ চনৰ এপ্ৰিল মাহত অসমৰ কৃষি বিভাগৰ সৃষ্টি হয়। সেই সময়ত এই বিভাগটোই শীত কালত ধান কটা, সৰিয়হ আৰু কুঁহিয়াৰ খেতি চপোৱাৰ পৰীক্ষা কৰিছিল। সেই সময়ত শস্য কটা পৰীক্ষাটোক কৃষিৰ পৰীক্ষা বুলি কৈছিল। শস্য কটা পৰীক্ষাৰ মূল উদ্দেশ্য আছিল মাটিখিনিৰ উত্পাদনশীলতাক নিৰ্ণয় কৰা যাতে বন্দোবস্তিৰ সময়ত খাজনা নিৰ্দ্ধাৰণ কৰিবলৈ প্ৰস্তাৱ এটা লব পাৰে। এই বিভাগত ১৮৯৭ চন পৰ্যন্ত কোনো কৃষি বিশেষজ্ঞ নাছিল।
১৮৯৩ চনত ছিমলাত কৃষি বিষয়ৰ ওপৰত এখন পৰামৰ্শ সভা বহিল। এই সভাখনৰ পৰামৰ্শ মতে ভাৰত চৰকাৰে ছাৰ ই.বাক নামৰ বিষয়া এজনক ১৯৮৫ চনত অসম চৰকাৰৰ লগত পৰামৰ্শ কৰিবলৈ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে। ছাৰ ই.বাকে (১) কৃষিৰ খুটি-নাতিসমূহ নিৰূপণ কৰিবলৈ, (২) কৃষিৰ উন্নতি কৰিবলৈ এজন বিশেষজ্ঞ নিয়োগৰ বাবে যুক্তি দৰ্শায়। ১৮৯৭ চনত মিঃ বি.চি. বসু নামে বঙ্গ দেশৰ এজন উপায়ুক্ত আৰু ইংলেণ্ডৰ এখন কৃষি কলেজৰ স্নাতক এজনক সহকাৰী সঞ্চালক হিচাপে নিয়োগ কৰিলে।
যদিও অসমখন এখন বেলেগ প্ৰদেশ আছিল, তথাপি ইয়াক ১৯০৫ চনত পূৰ্ব-বংগৰ লগত চামিল কৰি দিয়ে। এইদৰে নতুনকৈ সৃষ্টি হোৱা পূৰ্ব-বংগ আৰু অসম প্ৰদেশৰ কৃষি বিভাগটো ভূমি লেখ্য আৰু কৃষি বিভাগৰ যুটীয়া বিভাগটোৰ পৰা ১৯০৭ চনত ফালৰি কাটি আহে। বেলেগ বিভাগ হিচাপে সৃষ্টি হোৱাৰ পাছত বিভাগটোৱে খুব সোনকালে বিস্তৃতি লাভ কৰিবলৈ ধৰে। ১৯১২ চনত অসমখন আকৌ এখন বেলেগ প্ৰদেশত ভাগ হৈ আহিল আৰু কৃষি বিভাগটো আকৌ ভূমিলেখ্য বিভাগৰ লগত যোগ কৰি দিলে আৰু ১৯২২ চনলৈ সহযোগী আৰু উদ্যোগ বিভাগক লগ লগাই দিলে।