মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

কিষাণ কল চেন্টাৰ

  • কৃষি ক্ষেত্ৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ সম্ভাৱনীয়তাক গতি দিয়াৰ উদ্দেশ্যে কৃষি আৰু খেতিয়ক উন্নয়ন মন্ত্ৰালয়ে ২০০৪ চনৰ ২১ জানুৱাৰী তাৰিখে কিষাণ কল চেন্টাৰ (KCC) আচঁনিখন মুকলি কৰিছে। এই প্ৰকল্পটিৰ প্ৰধান উদ্দেশ্য হল খেতিয়কসকলে টেলিফোন কলৰ জৰিয়তে কৰিব খোজা অনুসন্ধানৰ তেওঁলোকৰ নিজৰ ভাষাত উত্তৰ দিয়া। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি ১৪টা বিভিন্ন অঞ্চলত এই কল চেন্টাৰ সমূহে কাম কৰি আছে। দেশব্যাপি থকা ১১ সংখ্যক এটা উমৈহতীয়া নন্বৰ ১৮০০-১৮০-১৫৫১ কিষাণ কল চেন্টাৰৰ বাবে মঞ্জুৰ কৰা হৈছে। এই নম্বৰটো ব্যক্তিগত সেৱা যোগানকাৰীকে ধৰি সকলো টেলিকম নেটৱৰ্কৰ মবাইল ফোন আৰু লেণ্ডলাইন ফোনৰ জৰিয়তে উপলব্ধ হয়। ২২টা স্থানীয় ভাষাত খেতিয়কসকলৰ অনুসন্ধানৰ প্ৰত্যুত্তৰ দিয়া হয়।

          প্ৰতিটো কিষাণ কল চেন্টাৰঅঞ্চলত সপ্তাহৰ সাতোটা দিনটো পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ কল চেন্টাৰ সেৱা উপলব্ধ। কৃষি টেলি হিচাপে (FTA) জনাজাত কিষাণ কল চেন্টাৰৰ এজেন্টসকল কৃষি বা তাৰ সংলগ্ন বিষয়সমূহ (উদ্যানবিদ্যা, পশুপালন, মীনপালন, হাহঁ-পাৰ, মৌ-পালন, ৰেচমবিদ্যা, জল কৃষি, কৃষি অভিযান্ত্ৰিক, কৃষি বিপণন, জৈৱ-প্ৰযুক্তিবিদ্যা, গাৰ্হস্থ্য-বিজ্ঞান ইত্যাদি)ত স্নাতক বা তাৰ ওপৰৰ ডিগ্ৰীধাৰী (সেয়া হল স্নাতকোত্তৰ বা ডক্টৰেট) আৰু সংশ্লিষ্ট স্থানীয় ভাষাত অপূৰ্ব যোগাযোগ কৌশলৰ দখল থকা।

          কৃষি টেলি উপদেষ্টা (FTA)সকলে উত্তৰ দিবলৈ অপৰাগ হোৱা অনুসন্ধানসমূহ কল কনফাৰেন্সিঙৰ জৰিয়তে উচ্চ পৰ্যায়ৰ অভিজ্ঞ ব্যক্তিসকললৈ হস্তান্তৰ কৰি দিয়া হয়। এই অভিজ্ঞ ব্যক্তিসকল হৈছে ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় আৰু ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ ৰাজ্যিক কৃষি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ।

          কৃষকসকলৰ অনুসন্ধানসমূহৰ সঠিক, সামঞ্জস্যপূৰ্ণ আৰু তত্কালীন প্ৰত্যুত্তৰৰ ব্যৱস্থা কৰিবলৈ আৰু তেওঁলোকৰ কলসমূহৰ সবিশেষ গ্ৰহণ কৰিবলৈ এটা কিষাণ জ্ঞান ব্যৱস্থাপনা ব্যৱস্থা (KKMS) বিকশিত কৰিছে। কিষাণ জ্ঞান ব্যৱস্থাপনা ব্যৱস্থাৰ নিজা স্বাধীন ৱেবছাইট আছে। http://dackkms.gov.in

    গোটেই দেশ ব্যাপী থকা কিষাণ কল চেন্টাৰ অঞ্চলসমূহত কৰ্মৰত কিষাণ কল চেণ্টাৰ এজেণ্টসকলে, তেওঁলোকক দিয়া নিৰ্দিষ্ট আই-ডি আৰু পাছৱৰ্ডৰ জৰিয়তে এই ৱেবছাইটটোত প্ৰৱেশ কৰিব পাৰে।

    Downloads
    কিষাণ কল চেন্টাৰ
    TitleSizeDetail
    কিষাণ কল চেন্টাৰ (KCC)2.25 MBswf-image