মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

অসমত জৈৱিক মূল্যৰ ধাৰা বিকাশৰ অভিযান

  • উত্তৰ-পূৱ অঞ্চলৰ সাৰুৱা মাটি আৰু অনুকূল বতৰৰ অৱস্থা বিশেষভাৱে লক্ষ্য কৰি ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে দ্বাদশ পৰিকল্পনাৰ সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্যৰ ধাৰা বিকাশ অভিযান নামৰ কেন্দ্ৰীয় আঁচনি এখন আৰম্ভ কৰে। উত্তৰ পূৰ্বাঞ্চলত জৈৱিক খেতিৰ সম্ভাৱনীয়তা অনুভৱ কৰি আঁচনিখনে মূল্য শৃংখল হিচাপে প্ৰমাণ-পত্ৰ দিয়া জৈৱিক উত্পাদনসমূহৰ যাতে উত্পাদক আৰু উপভোক্তাৰ মাজত এখন সেতু গঢ়ি উঠে আৰু গোটেই মূল্য শৃংখলাটোৰ বহনক্ষম উন্নয়নটোক যোগান, বীজ, খেতি কৰা সঁজুলি, প্ৰমাণ-পত্ৰৰ পৰা সংগ্ৰহৰ সুবিধা সৃষ্টি, শস্য চপোৱাৰ পিছৰ পৰিচালনা, থূপ কৰা, সংসাধন কৰি বিপণন কৰা, ব্যাণ্ড বনোৱাত আগভাগ লোৱাৰ পৰা কামখিনি তিনি বছৰত সমাধা কৰিবলৈ ৪০০ কোটি টকাৰ আঁচনি লৈছে আৰু এইখন ২০১৫-১৬ৰ পৰা আৰম্ভ হব।

    এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে প্ৰতিজন মানুহৰ থালত যেন নিৰাপদ আৰু স্বাস্যসন্মত খাদ্য পৰে। জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকীকৰণ আৰু গোলকীয়কৰণে দেশত জৈৱিক কৃষিৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে বঢ়াইছে. এই জৈৱিক কৃষিখণ্ডৰ আটাইতকৈ বেছি চাহিদা উত্তৰ পূৰ্বাঞ্চলতে বেছিকৈ কেন্দ্ৰীভূত হৈছে। পৰম্পৰাগতভাৱে উত্তৰ পূৰ্বাঞ্চল হৈছে জৈৱিক কৃষিৰ এক কেন্দ্ৰবিন্দু, এই অঞ্চলটো বহুলাংশে বৰ্ষাসিক্ত, পাহাৰী অঞ্চল, মহানন্দ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপস্থিতি, সাৰুৱা মাটি আৰু পাহাৰী ভূখণ্ডৰ বাবে জৈৱিক খেতিৰ বাবে প্ৰচুৰ সম্ভাৱনীয়তা আছে, -আৰু এইবিলাক সম্পদৰ সহায়তেই এই অঞ্চলটোৱে জৈৱিক খেতিক আগলৈ হেঁচুকি থাকিব পাৰে।

    এই কথাখিনি মনত ৰাখি গোটেই অঞ্চলটোৰ উন্নয়নত সহায় কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলত জৈৱিক মূল্যৰ শৃংখল আঁচনিখন নিম্নোল্লেখিত উদ্দেশ্য লৈ কাৰ্যকৰী কৰিবলৈ লোৱা হৈছে।

    আঁচনিখনৰ উদ্দেশ্যে –

    জৈৱিক মূল্যমানৰ বিশেষ পণ্যসামগ্ৰীৰ উন্নতি সাধন কৰি আৰু জৈৱিক শস্য উত্পাদনৰ খালী সময়ছোৱা কামত লগাবলৈ, বনৰয়া শস্য চপোৱা, পশুপালন কৰা আৰু জৈৱিক কৃষি উত্পাদনসমূহ সংসাধন, চোৱাচিতা কৰা, বিপণন কৰা আদি।

    • বিশেষ জৈৱিকভাৱে উত্পাদিত শস্যৰ দৰকাৰী আন্তঃগাঁঠন, কাৰিকৰী আৰু আৰ্থিক সাহায্যৰে উন্নয়ন সাধন কৰা,
    • কৃষক আৰু জৈৱিক শস্যৰ ব্যৱসায়ী – স্থানীয় আৰু/বা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ লগত অংশীদাৰিত্বৰ ব্যৱস্তা কৰি লগে লগে ঘৰুৱা আৰু ৰপ্তানি বজাৰৰ ব্যৱসায়ীৰ লগত দীঘলীয়া ধৰণৰ বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাত সাহায্য কৰা।
    • জৈৱিক মূল্যমানৰ শৃংখল উন্নয়ন কৰি বজাৰত প্ৰৱেশ কৰিবলৈ দৰকাৰী সাহায্যৰে সৈতে প্ৰকল্প আৰম্ভণ আৰু উন্নয়নৰ বাবে উপযুক্ত পৰিবেশৰ সৃষ্টি কৰা।
    • নিজাকৈ আঁচনি লোৱা উত্পাদনকাৰীসকলক FIGsত সংগঠিত কৰি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন/কোম্পানীৰ লগত সংঘবদ্ধ হবলৈ শক্তিশালী কৰি তোলা।
    • প্ৰচলিত খেতি/মাত্ৰ জীৱিকাৰ বাবেহে কৰা খেতিৰ ঠাইত স্থানীয় সম্পদ ভিত্তিক স্ব-পোষিত, উচ্চ মূল্যৰ বাণিজ্যিকভাৱে জৈৱিক উদ্যোগ আৰম্ভ কৰা।
    • উত্পাদন, সংসাধন, সংগ্ৰহকৰণ আৰু বিপণনৰ সুবিধাসমূহ মূৰে মূৰে লগাকৈ সংযুক্ত আৰু কেন্দ্ৰীভূতকৰণৰ অধীনত বিশেষ বাণিজ্যিক জৈৱিক মূল্যমানৰ পণ্যৰ উন্নতি সাধন কৰা।
    • উত্তম বিধৰ আৰু অবিশ্ৰাস্তভাৱে কাৰিকৰীৰ প্ৰয়োজন হোৱা বিশেষ পণ্যৰ সংগ্ৰহ, গোটোৱা মূল্য সংযোগ কৰা, সংসাধন, গোটাই থোৱা আৰু বজাৰ সংযোগৰ সুবিধাৰ বাবে জৈৱিক উদ্যান/অঞ্চলৰ উন্নয়ন কৰা।
    • উত্তৰ-পূৱ অঞ্চলৰ পণ্যসমূহক ব্ৰ্যাণ্ড বনোৱা আৰু উত্পাদক সংগঠন/কোম্পানীৰ অধীনত শক্তিশালী বজাৰত ব্ৰ্যাণ্ড হিচাপে সোমোৱাৰ সুবিধা কৰি দিয়া।
    • গোটেই মূল্যমানৰ শৃংখলটোৰ সমন্বয় কৰা, নিৰীক্ষণ কৰা, সাহায্য কৰা, উন্নয়নৰ বাবে অৰ্থৰ যোগান ধৰা কাৰ্যকৰী কৰাৰ বাবে ৰাজ্যত বিশেষ অগ্ৰগামী এজেন্সী (জৈৱিক পণ্য পৰিষদ বা জৈৱিক আঁচনি) সৃষ্টি কৰা।

    আঁচনিখনৰ অভিযান

    • জৈৱিক খেতিৰ উন্নতি আৰু উন্নয়নৰ বাবে প্ৰতি ৰাজ্যৰ অধীনত জিলাৰ কেন্দ্ৰত উত্সৰ্গিত প্ৰতিষ্ঠান স্থাপন কৰা।
    • উত্পাদক, অনা-নিয়া কৰা মানুহ, সংসাধন আৰু বজাৰৰ সুবিধা দিয়া লোকৰ সমন্বয়ত প্ৰতিখন জিলাত অন্ততঃ এখন বা দুখনৰ মূৰে মূৰে কৰ্ম সম্পাদন হোৱাকৈ জৈৱিক মূল্যমান শৃংখলৰ নকল আৰ্হিৰ সৃষ্টি কৰা।
    • উত্তৰ-পূৱ অঞ্চলৰ ৩০-৫০হাজাৰ কৃষকক শক্তিশালী কৰি লৈ ১০০খন মান ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী সৃষ্টি কৰি তেনে কোম্পানীক নিজ মালিকীস্বত্বত সম্পূৰ্ণ মূল্যমান শৃংখলেৰে সজ্জ্বিত কৰা।
    • মাত্ৰ জীৱিকা নিৰ্বাহৰ বাবে কৰা খেতিবিলাক মূৰে মূৰে শেষ হোৱা সুবিধাৰে বাণিজ্যিক জৈৱিক কৃষি ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰা।
    • উত্তৰ-পূৱ অঞ্চলক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত প্ৰধান জৈৱিক পণ্য যোগানকাৰী হিচাপে প্ৰতিষ্ঠা কৰা।
    • ভাল লাভালাভৰ বাবে উন্নত উত্পাদন পদ্ধতি প্ৰয়োগেৰে উত্পাদন উন্নত কৰা।
    • ৰাজ্যসমূহক নিজ নিজ ব্ৰ্যাণ্ড উলিয়াবলৈ সক্ষম কৰা।

    এই ক্ষেত্ৰত ৰাজ্যসমূহৰ কৃষি কাৰ্যত যিমান পাৰি কমকৈ ৰাসায়নিক দ্ৰৱ্য আৰু সাৰ প্ৰয়োগৰ বাবে কেন্দ্ৰই গুৰুত্ব দিছে, লগতে উত্তৰ-পূৱ অঞ্চলত জৈৱিক পণ্য ৰপ্তানি আৰু উত্পাদনৰ পৰ্যাপ্ততা নিশ্চিত কৰিবলৈ আৰু উন্নত কৰিবলৈ অঞ্চল চিনাক্তকৰণ, পণ্যসামগ্ৰী আৰু বজাৰৰ ওপৰত গুৰুত্ব দিছে। উত্পাদন বৃদ্ধি কৰিবলৈ কেন্দ্ৰই ইতিমধ্যে এখন পথ নিৰ্দেশনাৰ ওপৰত বিশেষ নজৰ দিছে।
    জৈৱিক খেতিৰ সম্ভাৱনীয়তাৰ ওপৰত ইয়াৰ শীৰ্ষ বিন্দুত অসমে স্থান নিৰ্বাচন কৰিছে। ইতিমধ্যে প্ৰতিটো গোটৰে ৫০০ হেক্টৰ লক্ষ্য হিচাপে লৈ চিৰাং, কাছাৰ, ধেমাজি, মাজুলী, গোলাঘাট(২), কামৰূপ, শোণিতপুৰ, কোকৰাঝাৰ আৰু নলবাৰীত ১০টা গোটৰ সৃষ্টি কৰা হৈছেই। গুৱাহাটীৰ খানাপাৰাৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে আকৌ আন ১০টা অতিৰিক্ত গোটৰ লগত কাম কৰি আছে। এই আটাইবিলাক গোটে তেওঁলোকৰ মাজত FPC(ফাৰ্মাৰ প্ৰডিউচ কোম্পানী) গঠন কৰি উত্পাদন বৃদ্ধি আৰু তেওঁলোকৰ নিজাকৈ বজাৰ এখনৰ সৃষ্টি কৰিব বুলি ধৰি লোৱা হৈছে। এইটো বিশ্বাস কৰা হৈছে যে তেওঁলোকে আগতে ঢুকি নোপোৱা উত্পাদকসকলক তেওঁলোকৰ উপভোক্তা আৰু বজাৰৰ সৈতে ঢুকি পাবলৈ সক্ষম হব। আঁচনি কাৰ্যকৰী কৰা স্থানসমূহৰ গোটৰ সৈতে বিশদ বিৱৰণ আৰু নিৰ্বাচিত শস্যৰ তালিকা তলত দিয়া হল-


    ক্ৰমিক নং

    জিলা

    স্থান

    মাটিকালি

    নিৰ্বাচিত শস্য

    ধেমাজি

    বুটিকৰ অঞ্চল

    ৫০০ হেক্টৰ

    ৰঙা চাউল

    ২.

    মাজুলী

    পকাজৰা অঞ্চল

    ৫০০ হেক্টৰ

    ৰঙা চাউল

    ৩.

    গোলাঘাট

    পদুম পথাৰ

    ৫০০ হেক্টৰ

    আদা/হালধি

     

     

    বোকাখাট

    ৫০০ হেক্টৰ

    হালধি/ৰঙা চাউল

    ৪.

    কামৰূপ

    সোণাপুৰ

    ৫০০ হেক্টৰ

    আদা/হালধি

    ৫.

    শোণিতপুৰ

    বিহগুৰি

    ৫০০ হেক্টৰ

    ওক্ৰা, ৰঙালাউ, আদা

    ৬.

    নলবাৰী

    বালিতাৰা

    ৫০০ হেক্টৰ

    ৰঙালাউ

    ৭.

    কোকৰাঝাৰ

    তিতাগিৰি

    ৫০০ হেক্টৰ

    আদা/হালধি

    ৮.

    চিৰাং

    পানবাৰী

    ৫০০ হেক্টৰ

    আদা/হালধি

    কাছাৰ

    লক্ষীপুৰ

    ৫০০ হেক্টৰ

    আনাৰস

    অসম চৰকাৰে নতুনকৈ কাৰ্যকৰী হোৱা উত্তৰ-পূৱ অঞ্চলৰ জৈৱিক মূল্যমানৰ শৃংখল উন্য়ন আঁচনিখনে যাতে আশা কৰা মতে লক্ষ্যত উপনীত হব পাৰে তাৰ বাবে যত্পৰোনাস্তি চেষ্টা কৰিছে। কেন্দৰৰ পৰা প্ৰতিজন নাগৰিকৰ সজাগতা আৰু যোগদান, জৈৱিক খেতিৰ কৃষকসকলৰ প্ৰশিক্ষণ, গৱেষণা আৰু উন্নয়ন –ই সদায়েই বিচাৰি আছে। নাগৰিকসকলে জৈৱিক খাদ্য গ্ৰহণ কৰিবলৈ সজাগতা আনিব লাগিব যাতে, জৈৱিক খাদ্যৰ ওপৰত এই ধাৰণাৰ সৃষ্টি হয় আৰু ই সুদূৰপ্ৰসাৰী হয়।

    Downloads
    অসমত জৈৱিক মূল্যৰ ধাৰা বিকাশৰ অভিযান
    TitleSizeDetail
    Operational Guidelines of MOVCD899.48 KBswf-image
    Simplified Completion certificate for Vermin compost unit (On Farm Activities)422.86 KBswf-image
    Annual Action Plan for current year 2017-18678.32 KBswf-image
    Details of locations of scheme implementation7.86 KBswf-image
    Annual Action Plan for last year 2015-16 (Implemented year 2016-17)778.45 KBswf-image