মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

কৃষক-উত্পাদক সংগঠনসমূহ

  • প্ৰকল্পৰ উদ্দেশ্য

    • গ্ৰাম অঞ্চলত কৃষকসকলৰ ১৫-২০ জনকৈ সদস্যৰ একোটা গোট গঠন কৰা আৰু তেওঁলোকৰ সংঘবদ্ধতাক একোটা সংগঠন যেনে কৃষক উত্পাদক সংগঠনৰ ৰূপ দিয়া যাতে উত্পাদন সম্বন্ধীয় পৰিকল্পনা আৰু বাণিজ্যিক শস্যৰ শংখলাবোৰ শৃংখলাবদ্ধভাৱে সম্পন্ন কৰিব পৰা যায়।
    • উন্নত মানৰ কৃষি পদ্ধতিৰে কৃষকৰ ক্ষমতা বৃদ্ধি কৰা আৰু উন্নত উত্পাদন লাভ কৰা।
    • উন্নত মানৰ সামগ্ৰী আৰু কায্য প্ৰণালীৰ উপলব্ধতা আৰু ব্যৱহাৰেৰে কৃষি উত্পাদনত সফলতা আৰ্জন আৰু প্ৰতিযোগিতাৰ সৃষ্টি।
    • উত্পাদক গোটবোৰক বজাৰ সুবিধা দিয়াকে আদি কৰি নায্য আৰু লাভজনক বজাৰৰ উপলব্ধতাৰে কৃষক-উত্পাদকক উপকৃত কৰা

    কৃষক উত্পাদক সংগঠনৰ উন্নীতকৰণৰ বাবে সহায়-সহযোগিতা

    • কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ আৰু তেওঁলোকৰ বিভিন্ন সংস্থাসমূহে বিভিন্ন কেন্দ্ৰীয়ভাবে সহযোগ কৰা আৰু ৰাজ্যিকভাবে আৰ্থিক সহায় যোগোৱা কৃষি খণ্ডৰ আঁচনিৰ দ্বাৰা কৃষক উত্পাদক সংগঠনসমূহৰ গঠন আৰু বিকাশত উদগনি জনাব। এই লক্ষ্যত সামাজিক প্ৰতিষ্ঠান, গৱেষণা, সংগঠন, পৰামৰ্শদাতা, বেচৰকাৰী খণ্ডৰ সংস্থা আৰু অন্যান্য সংগঠন যিয়ে ক্ষমতাশালী আৰু দীৰ্ঘস্থায়ী কৃষক উত্পাদক সংগঠনৰ গঠনত অৰিহণা যোগাব পাৰে, তেনে সংস্থাসমূহৰ সৈতে মিলিত হৈ এক মিত্ৰজোঁটৰ ৰূপ দিব লাগিব।
    • কৃষক উত্পাদক সংগঠনৰ প্ৰচাৰ আৰু উন্নীতকৰণ বিশদ বিৱৰণ তথা নিয়মাৱলীৰ সৈতে সহায়ক প্ৰতিষ্ঠান নিৰ্বাচনৰ পদ্ধতি, বাজেট আৰু পঞ্জীয়ন প্ৰক্ৰিয়া আদি এই পলিচিৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছে। এই নিয়মাৱলীসমূহৰ উদ্দেশ্য হৈছে কৃষক উত্পাদক সংগঠনৰ প্ৰচাৰ আৰু উন্নীতকৰণত ব্যস্ত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ সংস্থাসমূহক পৰিচালনা কৰা আৰু তেওঁলোকক কৃষক উত্পাদক সংগঠন নিৰ্ধাৰণৰ ধাৰণাৰ বাবে পথ প্ৰদৰ্শন কৰা, বিশেষকৈ যদি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পুঁজি কৃষক উত্পাদক সংগঠন নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে। তদুপৰি, ৰাজ্য চৰকাৰে কৃষক উত্পাদক সংগঠনসমূহক সহায়-সহযোগ কৰিবৰ বাবে তেওঁলোকৰ স্বতন্ত্ৰ নিয়মাৱলী প্ৰস্তুত কৰিব পাৰে।

    সম্পদ প্ৰতিষ্ঠানৰ নিৰ্বাচনী প্ৰক্ৰিয়া

    যদি ৰাজ্য চৰকাৰে ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক নডাল এজেন্সি হিচাপে নিয়োগ কৰি ৰিচোৰ্ছ ইন্সিটিটিউশ্যনৰ চিনাক্তকৰণ বা কৃষক উত্পাদক সংগঠনৰ প্ৰচাৰ কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে চৰকাৰে ৱেবচাইটত উপলব্ধ অপাৰেচনেল গাইডলাইন সম্পদ প্ৰতিষ্ঠানপ্ৰক্ৰিয়া অনুসৰণ নকৰিলেও হব। তাৰ বাবে তেওঁলোকে কৃষক উত্পাদক সংগঠন উন্নীতকৰণৰ প্ৰস্তাৱ প্ৰত্যক্ষভাবে ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰওচৰত দাখিল কৰিব পাৰিব আৰু ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে প্ৰস্তাৱ দাখিল আৰু এৰ দ্বাৰা বিপ্ৰাপ্তৰ পিছত প্ৰয়োজনীয় বাজেট নিৰ্মাণ কৰিব পাৰে।
    যদি ৰাজ্য চৰকাৰেসম্পদ প্ৰতিষ্ঠানৰ প্ৰত্যক্ষ নিয়োজন আৰু কৃষক উত্পাদক সংগঠন উন্নীতকৰণৰ কাম হাতত লয় তেন্তে এনেক্সাৰ-৩ৰ প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগিব।