মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

বীজ প্ৰক্ৰিয়াকৰণ গোট

  • ফচল সংগ্ৰহৰ পাছত, বীজসমূহ, সিহঁতৰ শাৰিৰীক পৰিশুদ্ধিতা অটুট ৰখা আৰু লগতে খোলাটোৰ জীৱনকাল বৃদ্ধিৰ বাবে বিভিন্ন উপায়েৰে প্ৰক্ৰিয়াকৰণ কৰাটো প্ৰয়োজন। বীজসমূহ ভঁড়ালত ৰখাৰ আগেয়ে ক্ৰয় কৰা উচিত। অনুসৰণ কৰিবলগীয়া আৰু বহুতো পদক্ষেপ আছে, যেনে- পৰিস্কাৰকৰণ (ভিজা আৰু শুকান), জৰা, চলা, শুকোৱা, বীজসমূহৰ শুষ্কতা নিৰ্ণয়ৰ বাবে পৰীক্ষা। বীজ প্ৰক্ৰিয়াকৰণৰ দৰকাৰী পদক্ষেপসমূহৰ ভিতৰত এটা হল- পুনৰ ৰোপণৰ উদ্দেশ্যে তথা মানুহ/জীৱ-জন্তুৰ ব্যৱহাৰৰ উদ্দেশ্যে ফচল সংগ্ৰহোত্তৰ কালৰ শস্যসমূহ, ইয়াৰ আটাইতকৈ পৰিশুদ্ধ অৱস্থালৈ পৰিশোধন কৰা। ইয়াৰ পৰিস্কাৰ বীজসমূহলৈ সিহঁতক ৰাসায়নিক, সাধাৰণতে অনুজীৱ বিৰোধী বা ভেঁকুৰ বিনাশী ৰাসায়নিক দ্ৰৱ্যৰে আবৃত কৰা কাৰ্য্য জড়িত হৈ আছে, যাতে ইয়াক পথাৰৰ বাবে বেছি মজবুত কৰি লব পৰা যায়।

    উত্পাদিত বীজসমূহৰ বহুতো অশুদধতা থাকিব যেনে- শিল, অপতৃ, আৱৰ্জনা, অন্য শস্যৰ বীজ আদি।

    • বীজ প্ৰক্ৰিয়াকৰণ মানে হল পৰিস্কাৰকৰণ ক্ৰিয়াকলাপ যিটো পথাৰৰ কেঁচা উত্পাদনসমূহলৈ কৰা হয়।
    • এই পদ্ধতিত উত্পাদিত শস্যসমূহ বীজৰ লক্ষ্যৰে ব্যৱহাৰ কৰা হয়, যাৰ বাবে আমি অংকুৰণৰ শতকৰাৰো যত্ন লব লাগে।

    বীজ প্ৰক্ৰিয়াকৰণ গোটসমূহৰ উপকাৰসমূহ হল-

    • ই বীজসমূহত থকা আৱৰ্জনা আৰু শিলসমূহ প্ৰি-ক্লীনাৰেৰে আঁতৰ কৰি বীজ পৰিস্কাৰ কৰে।
    • ই বীজৰ পৰা লেৰেলা তথা নষ্ট হৈ যোৱাসমূহ আঁতৰ কৰি আকাৰ, আকৃতি আদিৰ দ্বাৰা বীজৰ মানদণ্ড প্ৰদান কৰে।
    • ই গ্ৰেভিটী চেপাৰেটৰ ব্যৱহাৰ কৰি অন্য অদৰকাৰী শস্য বীজসমূহ আঁতৰ কৰে।
    • উত্পাদিত বীজসমূহ সমতাযুক্ত আৰু প্ৰয়োজনীয় আদ্ৰতা বজাই ৰখাৰ দ্বাৰা প্ৰাপ্ত অংকুৰণৰ শতকৰা ভাল।


    বীজ প্ৰক্ৰিয়াকৰণ গোট গঠন কৰাৰ বাবে পঞ্জীয়ন বাধ্যতামূলক, যিটো অসম ৰাজ্যিক বীজ মানপত্ৰ প্ৰদান সংস্থাই কৰে। বীজ প্ৰক্ৰিয়াকৰণ গোট (হস্তকৃত/যান্ত্ৰিক) পঞ্জীয়নৰ বাবে আবেদন পত্ৰৰ আৰ্হি আৰু পঞ্জীয়নৰ মানপত্ৰৰ আৰ্হি ৱেবছাইটৰ পৰা ডাউনল’ড কৰিব পাৰি।

    Downloads
    বীজ প্ৰক্ৰিয়াকৰণ গোট
    TitleSizeDetail
    Application form for Registration of Seed Processing Unit336.3 KBswf-image
    Seed Processing Unit Registration Certificate Format350.49 KBswf-image
    List of Seed Processing Units Registered under Assam State Seed Certification Agency24.75 KBswf-image