মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

আন্তৰ্জাতিক কৃষি-উদ্যানশস্য প্ৰদৰ্শনী

অসম আন্তৰ্জাতিক কৃষি-উদ্যানশস্য প্ৰদৰ্শনীখন(AIAHS)  হল অসমৰ B2B আৰু B2C ঘটনাৰাজিৰ এক বৃহত্ বাৰ্ষিক প্ৰদৰ্শনী, যত কৃষি আৰু উদ্যানশস্যৰ শেহতীয়া আৰু অতি উত্তম সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হয়।অসম আন্তৰ্জাতিক কৃষি-উদ্যানশস্য প্ৰদৰ্শনীখন,প্ৰদৰ্শনী হিচাপে যোগদানকাৰী কোম্পানীসমূহৰ বৃহত্ বিপণন ক্ষমতাকেই দেখুওৱা নাই, ই প্ৰদৰ্শনীৰ গোটেই কেইদিন তেওঁলোকৰ বিক্ৰীৰ সৌভাগ্যও দেখুৱাইছে। বছৰে বছৰে এই প্ৰদৰ্শনীখনে দেশৰ আৰু বিদেশৰ নামজ্বলা ব্ৰাণ্ডসমূহৰ যোগদানৰ সাক্ষ্যও দিছে। ১৯৯৫ চনত আৰম্ভ হোৱা প্ৰদৰ্শনীখনে ২০১৪ চনত আন্তৰ্জাতিক হৈ উঠে আৰু তেতিয়াৰে পৰা ১৫খন দেশ আৰু ৮০তকৈও বেছি আন্তৰ্জাতিক প্ৰতিনিধিয়ে ২০১৪ চনত আৰু ১৩খন দেশে ২০১৫ চনত আৰু ১২খন দেশ আৰু ২০০ আন্তৰ্জাতিক প্ৰতিনিধিয়ে ২০১৬ চনত যোগদান কৰি আহিছে।

১ম, ২য় আৰু ৩য় অসম অসম আন্তৰ্জাতিক কৃষি-উদ্যানশস্য প্ৰদৰ্শনীৰ ২০১৪, ২০১৫ আৰু ২০১৬ চনত হোৱা প্ৰদৰ্শনত প্ৰচুৰ কৃতকাৰ্যতা লাভ কৰাৰ পাছত অসম চৰকাৰৰ কৃষি বিভাগ আৰু ইণ্ডিয়ান চেম্পাৰ্ছ অব কমাৰ্চ (ICC)য়ে একেলগে হাত মিলাই ২০১৭ চনৰ ৬-৯ জানুৱাৰীত গুৱাহাটীত চতুৰ্থ অসম আন্তৰ্জাতিক কৃষি-উদ্যানশস্য প্ৰদৰ্শনী,২০১৭খন পাতিবলৈ যো-জা কৰিছে, -যিটো অসম চৰকাৰৰ বাবে এক আগৰণুৱা কাম।

আগৰ তিনিখন প্ৰদৰ্শনীত যোগদান কৰা দেশসমূহৰ ভিতৰত বাংলাদেশ, যুক্তৰাষ্ট্ৰ, কানাডা, নেপাল, ইটালী, ভূটান, ইণ্ডোনেছিয়া, পোলেণ্ড, ইউৰোপীয়ান ইউনিয়ন, ডেনমাৰ্ক, টাইৱান, চীন দেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ইজৰাইল, লাও পি.ডি.আৰ., ম্যানমাৰ, ছুইডেন, নেডাৰলেণ্ডচ, ইথিওপিয়া, জাৰ্মানী আছে।

Downloads
TitleSizeDetail
Event Report on 4th Assam International Agri Horticultural Show 20171.96 MBswf-image