মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

অতুলনীয় কৃষি পণ্য

অসমৰ উদ্যানশস্যৰ দৃশ্যপটলৈ চালে পৰম্পৰা, বিস্তৃতি, সম্ভাৱনীয়তা আৰু অতি বেছি চাহিদাপূৰ্ণতাৰ কথা জনা যায়। যদি উদ্যানশস্যৰ বিস্তৃতিয়ে ইয়াৰ সৌন্দৰ্য্য প্ৰকাশ কৰে, তেন্তে পৃথিৱীৰ উদ্যান শস্যৰ জগতখনৰ গ্ৰীষ্মপ্ৰধান অঞ্চলৰ বিস্তৃতি অসমত আছে। আৰ এই বহুবিধৰ ফল-মূল, শাক-পাচলি ফুল, মছলা, আলুজাতীয় শস্য, ফল জাতীয় শস্য, ঔষধী আৰু সুগন্ধি শস্যৰ উপৰিও কাঠফুলা আৰু মৌ জোলৰ গুপ্ত জগতখনে অতুলনীয়তাত এই মাত্ৰা যোগ দিছে। এয়া এক সপোনৰ ফুলৰ বাগিছা, স্থপতিৰ নক্সা আৰু এই এই তালিকাখন বঢ়াই গৈ এনে ঠাইত ৰবগৈ যে অসমখন যেন এটা শুই থকা দৈত্য –তাকে কবলৈ বাধ্য হব। এতিয়া যোগানকাৰীৰ দৃষ্টিৰে চাবলৈ গলে তেওঁলোকক কৃষকসকলৰ পৰা অতি উত্তম উত্পাদিত সামগ্ৰী লাগে, তেওঁলোকক নতুন ঠাই বা উদঘাটন কৰিবলৈ নতুন শস্য লাগে, তেওঁলোকক পিছৰ পৰ্যায়ত একে ঠাইতে থুপ খাই থকা প্ৰচুৰ সামগ্ৰী লাগে। এতিয়া, আন এটা ৰেহৰূপ চাবলৈ যোৱাৰ আগতে, এইটো এটা দৰকাৰী কথা যে তেওঁলোকৰ এই প্ৰাথমিক দাবীসমূহ অসমে পূৰণ কৰিব পাৰিব নে নাই সেইটোকে চাওঁহক। ফল-মূলৰ কথাটো কবলৈ গলে কোনো ৰাজ্যই তেওঁলোকৰ খৰাহীত অসমতকৈ বেছি ফল আছে বুলি দাবী কৰিব নোৱাৰে, -যিটো পচন্দ মতে অসমে যোগান ধৰিব পাৰে। এই তালিকাখনত কল, আনৰস, কমলা টেঙা আৰু লগতে ইমান বিলাক ফল, যেনে- অসম নেমু, গোল নেমু, মাত কৰা (Citrus Macroptera), মধুৰীআম, লিচু, আম, অমিতা, কঠাল, বগৰী ইত্যাদি আছে।