উত্তৰ-পূৱ অঞ্চলৰ সাৰুৱা মাটি আৰু অনুকূল বতৰৰ অৱস্থা বিশেষভাৱে লক্ষ্য কৰি ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে দ্বাদশ পৰিকল্পনাৰ সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্যৰ ধাৰা বিকাশ অভিযান নামৰ কেন্দ্ৰীয় আঁচনি এখন আৰম্ভ কৰে। উত্তৰ পূৰ্বাঞ্চলত জৈৱিক খেতিৰ সম্ভাৱনীয়তা অনুভৱ কৰি আঁচনিখনে মূল্য শৃংখল হিচাপে প্ৰমাণ-পত্ৰ দিয়া জৈৱিক উত্পাদনসমূহৰ যাতে উত্পাদক আৰু উপভোক্তাৰ মাজত এখন সেতু গঢ়ি উঠে আৰু গোটেই মূল্য শৃংখলাটোৰ বহনক্ষম উন্নয়নটোক যোগান, বীজ, খেতি কৰা সঁজুলি, প্ৰমাণ-পত্ৰৰ পৰা সংগ্ৰহৰ সুবিধা সৃষ্টি, শস্য চপোৱাৰ পিছৰ পৰিচালনা, থূপ কৰা, সংসাধন কৰি বিপণন কৰা, ব্যাণ্ড বনোৱাত আগভাগ লোৱাৰ পৰা কামখিনি তিনি বছৰত সমাধা কৰিবলৈ ৪০০ কোটি টকাৰ আঁচনি লৈছে আৰু এইখন ২০১৫-১৬ৰ পৰা আৰম্ভ হব।
এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে প্ৰতিজন মানুহৰ থালত যেন নিৰাপদ আৰু স্বাস্যসন্মত খাদ্য পৰে। জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকীকৰণ আৰু গোলকীয়কৰণে দেশত জৈৱিক কৃষিৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে বঢ়াইছে. এই জৈৱিক কৃষিখণ্ডৰ আটাইতকৈ বেছি চাহিদা উত্তৰ পূৰ্বাঞ্চলতে বেছিকৈ কেন্দ্ৰীভূত হৈছে। পৰম্পৰাগতভাৱে উত্তৰ পূৰ্বাঞ্চল হৈছে জৈৱিক কৃষিৰ এক কেন্দ্ৰবিন্দু, এই অঞ্চলটো বহুলাংশে বৰ্ষাসিক্ত, পাহাৰী অঞ্চল, মহানন্দ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপস্থিতি, সাৰুৱা মাটি আৰু পাহাৰী ভূখণ্ডৰ বাবে জৈৱিক খেতিৰ বাবে প্ৰচুৰ সম্ভাৱনীয়তা আছে, -আৰু এইবিলাক সম্পদৰ সহায়তেই এই অঞ্চলটোৱে জৈৱিক খেতিক আগলৈ হেঁচুকি থাকিব পাৰে।
এই কথাখিনি মনত ৰাখি গোটেই অঞ্চলটোৰ উন্নয়নত সহায় কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলত জৈৱিক মূল্যৰ শৃংখল আঁচনিখন নিম্নোল্লেখিত উদ্দেশ্য লৈ কাৰ্যকৰী কৰিবলৈ লোৱা হৈছে।
আঁচনিখনৰ উদ্দেশ্যে –
জৈৱিক মূল্যমানৰ বিশেষ পণ্যসামগ্ৰীৰ উন্নতি সাধন কৰি আৰু জৈৱিক শস্য উত্পাদনৰ খালী সময়ছোৱা কামত লগাবলৈ, বনৰয়া শস্য চপোৱা, পশুপালন কৰা আৰু জৈৱিক কৃষি উত্পাদনসমূহ সংসাধন, চোৱাচিতা কৰা, বিপণন কৰা আদি।
আঁচনিখনৰ অভিযান
এই ক্ষেত্ৰত ৰাজ্যসমূহৰ কৃষি কাৰ্যত যিমান পাৰি কমকৈ ৰাসায়নিক দ্ৰৱ্য আৰু সাৰ প্ৰয়োগৰ বাবে কেন্দ্ৰই গুৰুত্ব দিছে, লগতে উত্তৰ-পূৱ অঞ্চলত জৈৱিক পণ্য ৰপ্তানি আৰু উত্পাদনৰ পৰ্যাপ্ততা নিশ্চিত কৰিবলৈ আৰু উন্নত কৰিবলৈ অঞ্চল চিনাক্তকৰণ, পণ্যসামগ্ৰী আৰু বজাৰৰ ওপৰত গুৰুত্ব দিছে। উত্পাদন বৃদ্ধি কৰিবলৈ কেন্দ্ৰই ইতিমধ্যে এখন পথ নিৰ্দেশনাৰ ওপৰত বিশেষ নজৰ দিছে।
জৈৱিক খেতিৰ সম্ভাৱনীয়তাৰ ওপৰত ইয়াৰ শীৰ্ষ বিন্দুত অসমে স্থান নিৰ্বাচন কৰিছে। ইতিমধ্যে প্ৰতিটো গোটৰে ৫০০ হেক্টৰ লক্ষ্য হিচাপে লৈ চিৰাং, কাছাৰ, ধেমাজি, মাজুলী, গোলাঘাট(২), কামৰূপ, শোণিতপুৰ, কোকৰাঝাৰ আৰু নলবাৰীত ১০টা গোটৰ সৃষ্টি কৰা হৈছেই। গুৱাহাটীৰ খানাপাৰাৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে আকৌ আন ১০টা অতিৰিক্ত গোটৰ লগত কাম কৰি আছে। এই আটাইবিলাক গোটে তেওঁলোকৰ মাজত FPC(ফাৰ্মাৰ প্ৰডিউচ কোম্পানী) গঠন কৰি উত্পাদন বৃদ্ধি আৰু তেওঁলোকৰ নিজাকৈ বজাৰ এখনৰ সৃষ্টি কৰিব বুলি ধৰি লোৱা হৈছে। এইটো বিশ্বাস কৰা হৈছে যে তেওঁলোকে আগতে ঢুকি নোপোৱা উত্পাদকসকলক তেওঁলোকৰ উপভোক্তা আৰু বজাৰৰ সৈতে ঢুকি পাবলৈ সক্ষম হব। আঁচনি কাৰ্যকৰী কৰা স্থানসমূহৰ গোটৰ সৈতে বিশদ বিৱৰণ আৰু নিৰ্বাচিত শস্যৰ তালিকা তলত দিয়া হল-
ক্ৰমিক নং | জিলা | স্থান | মাটিকালি | নিৰ্বাচিত শস্য |
১ | ধেমাজি | বুটিকৰ অঞ্চল | ৫০০ হেক্টৰ | ৰঙা চাউল |
২. | মাজুলী | পকাজৰা অঞ্চল | ৫০০ হেক্টৰ | ৰঙা চাউল |
৩. | গোলাঘাট | পদুম পথাৰ | ৫০০ হেক্টৰ | আদা/হালধি |
|
| বোকাখাট | ৫০০ হেক্টৰ | হালধি/ৰঙা চাউল |
৪. | কামৰূপ | সোণাপুৰ | ৫০০ হেক্টৰ | আদা/হালধি |
৫. | শোণিতপুৰ | বিহগুৰি | ৫০০ হেক্টৰ | ওক্ৰা, ৰঙালাউ, আদা |
৬. | নলবাৰী | বালিতাৰা | ৫০০ হেক্টৰ | ৰঙালাউ |
৭. | কোকৰাঝাৰ | তিতাগিৰি | ৫০০ হেক্টৰ | আদা/হালধি |
৮. | চিৰাং | পানবাৰী | ৫০০ হেক্টৰ | আদা/হালধি |
৯ | কাছাৰ | লক্ষীপুৰ | ৫০০ হেক্টৰ | আনাৰস |
অসম চৰকাৰে নতুনকৈ কাৰ্যকৰী হোৱা উত্তৰ-পূৱ অঞ্চলৰ জৈৱিক মূল্যমানৰ শৃংখল উন্য়ন আঁচনিখনে যাতে আশা কৰা মতে লক্ষ্যত উপনীত হব পাৰে তাৰ বাবে যত্পৰোনাস্তি চেষ্টা কৰিছে। কেন্দৰৰ পৰা প্ৰতিজন নাগৰিকৰ সজাগতা আৰু যোগদান, জৈৱিক খেতিৰ কৃষকসকলৰ প্ৰশিক্ষণ, গৱেষণা আৰু উন্নয়ন –ই সদায়েই বিচাৰি আছে। নাগৰিকসকলে জৈৱিক খাদ্য গ্ৰহণ কৰিবলৈ সজাগতা আনিব লাগিব যাতে, জৈৱিক খাদ্যৰ ওপৰত এই ধাৰণাৰ সৃষ্টি হয় আৰু ই সুদূৰপ্ৰসাৰী হয়।