যোগ্য প্ৰতিপন্ন হোৱা প্ৰকল্পসমূহক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ বাবে বেংক/ বিত্তীয় প্ৰতিষ্ঠানৰ অনুমোদন সাপেক্ষেক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘই উদ্যোগিক মূলধন আগবঢ়ায়।এই উদ্যোগিক মূলধন মূল ঋণ পৰিশোধৰ সময়সূচী বা পূৰ্বৱৰ্তীঅনুযায়ীঋণদাতা বেংক/ বিত্তীয় প্ৰতিষ্ঠানক ঋণ পৰিশোধ কৰাৰ পাছত ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক পৰিশোধ কৰা হয়।
যোগ্য প্ৰকল্পৰ বাবেক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে উচ্চ মূল্যৰ উদ্যোগিক মূলধন সহযোগিতানিৰ্বাচন কৰিব পাৰে, যত নিম্নলিখিত চৰ্তসমূহ প্ৰযোজ্যঃ
হিতাধিকাৰীয়ে ম্যাদযুক্ত ঋণৰ সম্পূৰ্ণ পৰিশোধৰ পিছত ভেঞ্চাৰ কেপিটেলৰ এক গোট অংশক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘক প্ৰদান কৰিব।
ৰাষ্ট্ৰীয় বেংকসমূহ যেনে এচ বি আই আৰু ইয়াৰ সংলগ্ন বেংক আই ডি বি আই, এছ আই ডি বি আই, নাৰ্বাড, এন চি ডি চি, নেডফি আৰ আৰ বি আৰু ৰাজ্যিক বিত্তীয় নিগম যিবিলাকত কেন্দ্ৰীয়/ৰাজ্যিক মালিকীস্বত্ব ৫০ শতাংশতকৈ বেছি, তেনে সকলো বেংক/বিত্তীয় প্ৰতিষ্ঠান।
২০১২-১৭ চনৰ দ্বাদশ পৰিকল্পনাত ৫০০ কোটি টকাৰ কেন্দ্ৰীয় সামৰ্থৰ সহায়ত এই আঁচনিৰ ৰূপায়ণ কৰা হব।
এই আঁচনি কৃষি আৰু সমবায় বিভাগ, কৃষি মন্ত্ৰণালয়ৰ অধীনত কাৰ্যকৰী পঞ্জীভূত সংঘ ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘ(SFAC)দ্বাৰা ৰূপায়িত কৰা হয়।
এই বুজাবুজি স্মাৰকত যদি কোনো বিতৰ্কৰ সুত্ৰপাত হয় তেন্তে পাৰস্পৰিক বুজাপৰাৰ জৰিয়তে ইয়াৰ সমাধা কৰা হব। কিন্তু তেনে কৰাত অসমৰ্থ হলে কোনো নিৰ্দিষ্ট মধ্যস্থতাকাৰীয়ে, যাক মধ্যস্থতা আৰু পৰামৰ্শ আইন ১৯৯৬ৰ মতে বেংক/বিত্তীয় প্ৰতিষ্ঠান আৰু ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে নিৰ্বাচন কৰে, সমাধা কৰিব।