মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

অংশগ্ৰহণকাৰী নিশ্চিত পদ্ধতি

দেশৰ জৈৱিক কৃষিৰ উত্তৰোত্তৰ সাধনৰ উদ্দেশ্য কেন্দ্ৰীয় কৃষি মন্ত্ৰালয় ৰাষ্ট্ৰীয় জৈৱিক কৃষি কেন্দ্ৰ আৰু ‘ এফ এ অ ’-ই যুটীয়া ভাৱে এক কাৰিকৰী সহযোগিতা কাৰ্যক্ৰম ৰূপায়নৰ ব্যৱস্থা কৰিছে। ভাৰতত উত্পাদিত আৰু ব্যৱহৃত খাদ্য দ্ৰব্যৰ জৈৱিক নিশ্চিত পদ্ধতি—চমুকৈ ‘ পি জি এছ ’ প্ৰৱৰ্তন কৰাটো হৈছে এই কাৰ্যক্ৰমৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্দেশ্য। সাম্প্ৰতিক কালত পৃথিৱীৰ প্ৰান্তত প্ৰবৰ্তিত  ‘ পি জি এছ  ’  ৰ আৰ্হিতে ভাৰততো এক অংশগ্ৰহণকাৰী নিশ্চিত পদ্ধতি বিকশিত কৰা হৈছে। এইক্ষেত্ৰত ব্ৰাজিল; নিউজীলেণ্ড আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত ইতিমধ্যেই সফল হোৱা নিশ্চিত পদ্ধতি সমল বিশেষ ভাবে গ্ৰহণ কৰা হৈছে।

ভাৰতত ‘পি জি এছ ’ ক অংশগ্ৰহণ, দৃষ্টিভংগীৰ আদান প্ৰদান, স্বচ্ছতা আৰু বিশ্বাসৰ আধাৰত গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হৈছে।

ভাৰতৰ ‘পি জি এছ ’ য়ে দুই ধৰণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰেঃ

১) পি জি এছ  গ্ৰীণ প্ৰমাণ পত্ৰঃ এই প্ৰমাণ পত্ৰ পৰিবৰ্তনৰ দিশে আগবাঢ়িবলৈ ধৰা গোটসমূহকে প্ৰদান কৰা হয়।

২)পি জি এছ – অৰ্গেনিক প্ৰমাণ পত্ৰঃ এই প্ৰমাণ পত্ৰ পৰিবৰ্তনৰ ধাৰা সফলতাৰে সম্পূৰ্ণ কৰি প্ৰকৃতাৰ্থত জৈৱিক উত্পাদকৰ পৰ্যায় লাভ কৰোতাসকলক প্ৰদান কৰা হয়।

‘পি জি এছ’ ত স্থানীয় গোটসমূহেই কাৰ্যনিৰ্বাহ পৰিদৰ্শন তথা সিধান্তকাৰী হিচাপে মুখ্য কাৰ্যবাহীৰ ভূমিকা পালন কৰে।

আঞ্চলিক পৰিষদঃ স্থানীয় গোটসমুহৰ দক্ষতা বৰ্দ্ধন তথা সিদান্ত অনুমোদনত সহযোগিতা আগবঢ়াব পৰাকৈ আঞ্চলিক পৰিষদ গঠন কৰা হৈছে।

মণ্ডল পৰিষদঃ সিদ্ধান্ত গ্ৰহণত কোনো ধৰণৰ ভূমিকা পালন নকৰা এই পৰিষদে নিৰীক্ষণ আৰু তদাৰকাৰী দায়িত্ব পালন কৰে।

পি জি এছ সচিবালয়ঃ এই সচিবালয়ে তথ্য সংৰক্ষণ, নীতি-নিৰ্দেৰ্শনা যুগুতকৰণৰ লগতে কৰ্মসূচী ৰূপায়নত ভূমিকা পালন কৰে।

পি জি এছ- জৈবিকৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশঃ

  • ক্ষুদ্ৰ পৰিসৰৰ উত্পাদন তথা সংসাধনক উদগনি যোগায় এই পি জি এছ য়ে।
  • স্থানীয় ভাবে উত্পাদিত জৈৱিক উত্পাদনসমূক চিনাক্ত কৰাৰ লগতে এনে উত্পাদনৰ উত্পত্তি আৰু ইয়াৰ বিশ্বাসযোগ্য সন্দৰ্ভতে গ্ৰাহকসকলক পতিয়নযোগ্য পৰামৰ্শ দান কৰে এই পি জি এছ য়ে
  • মান সন্দৰ্ভত প্ৰতিৰ্ভূতি দান
  • স্থানীয় অৰ্থনীতিৰ সবলীকৰণ
  • কোনো এক সামগ্ৰী কিম্বা উত্পাদনৰ পৰিৱৰ্তে কৃষি পামকে প্ৰত্যায়িত কৰণৰ দায়িত্ব পালন
  • পি জি এছ ৰ প্ৰমাণ পত্ৰ ব্যক্তিগত কৃষি পামে লাভ কৰাৰ পৰিবৰ্তে সামগ্ৰিক ভাবে পাম সমূহৰ গোটহে লাভ কৰে।
  • প্ৰত্যায়িতকৰণ প্ৰক্ৰিয়াত কৃষক সকল অধিক দায়বদ্ধ – প্ৰতিশ্ৰুতিবদ্ধ
  • বন্ধুত্ব সুলভ প্ৰক্ৰিয়া, নিম্ন ব্যয়।
  • ক্ষুদ্ৰ অংশীদাৰীসকলৰ দক্ষতা বৃদ্ধিত ভূমিকা
  • স্থানীয় বজাৰত প্ৰবেশ
  • জৈৱক খাদ্য দ্ৰব্য-১০০% ই প্ৰাকৃতিক, পুষ্টিকাৰক, উন্নত স্বাদৰ আৰু স্বাস্থ্য ক্ষতিৰ সম্ভাৱনা ৰহিত।
  • প্ৰাকৃতিক ভাবে গজা শস্যৰ সৈতে সংগতি ৰাখি প্ৰাকৃতিক পন্থাৰে কৃষকসকলে শস্য উত্পাদনৰ প্ৰয়াস কৰে। জৈৱিক কৃ্ষি উত্পাদন পদ্ধতি সাৰোগত কৰি কৃষি কৰ্মত মনোনিবেশ কৰা কথাই পৰিবেশ তন্ত্ৰৰ সমতুলতা বৰ্তাই কথাত সহায় কৰে।
Downloads
TitleSizeDetail
Organizational Structure of PGS India.pdf429.07 KBswf-image