মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

শষ্য বীমা

শস্য বীমা – শস্য বা কৃষি বীমাই বিভিন্ন শস্য উত্পাদনৰ ওপৰত হব পৰা লোকচানৰ ক্ষতিপূৰণ কৰে। শস্য বীমা ব্যৱসায়ৰ প্ৰায় গোটেইখিনিয়ে আঁচনিৰ পৰা আহে। এই আঁচনিসমূহে অঞ্চলৰ যোগসূত্ৰ ভিত্তিত কাম কৰে। যিবিলাক কৃষকে গ্ৰামীণ অৰ্থ যোগান প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ শস্যৰ খেতি কৰে, অৰ্থাত্ ধৰুৱা কৃষক, তেওঁলোকৰ বাবে বীমাৰ কভাৰেজ বাধ্যতামূলক। ঋণ নোলোৱাকৈ খেতি কৰা কৃষকসকলেও এই একেখন আঁচনিৰ অধীনত শস্য বীমা কৰিব পাৰে।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY)খন ২০১৬ চনৰ খাৰিফ শস্যৰ বতৰৰ পৰা গোটেই ভাৰতত প্ৰচলন কৰা হৈছিল, কিন্তু কিছুমান কাৰিকৰী কাৰণত ২০১৬-১৭ বৰ্ষৰ ৰবি শস্যৰ বতৰৰ পৰা অসমৰ সকলো জিলাতে আঁচনিখন কাৰ্যকৰী কৰা হয়।

আঁচনিখনৰ উদ্দেশ্য - 

  • অজানিত ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে কৃষকৰ হোৱা ক্ষতিত অৰ্থনৈতিক সাহায্য প্ৰদান।
  • নতুন ধৰণৰ আৰু আধুনিক কৃষি কৰ্ম ধাৰা লবলৈ কৃষকসকলক উত্সাহিত কৰা।
  • কৃষি কাৰ্যক ক্ৰমান্বয়ে চলাই থাকিবলৈ কৃষকৰ আয়ৰ স্থায়ীত্ব নিশ্চিত কৰা।
  • কৃষিখণ্ডলৈ ঋণৰ যোগান নিশ্চিত কৰা, যিটোৱে খাদ্য সুৰক্ষাত শস্যৰ বিস্তৃতি আৰু বৰ্দ্ধনত অৰিহণা যোগাব আৰু উত্পাদনৰ ক্ষতিৰ পৰা কৃষকক সুৰক্ষা দিব।

আঁচনিখনৰ সবিশেষ

  • প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখন ঋণ গ্ৰহণ কৰা কৃষকৰ বাবে বাধ্যতামূলক আৰু ঋণ গ্ৰহণ নকৰা কৃষকৰ বাবে ইচ্ছাধীন।
  • বীমাৰ গোট (উল্লেখিত অঞ্চল) – গাঁও/গাঁও পঞ্চায়ত
  • কৃষকৰ প্ৰিমিয়ামৰ নিৰিখ, খাৰিফ বতৰত বীমাকৃত ধনৰ ২ শতাংশ, ৰবি শস্যৰ বতৰত ১.৫ শতাংশ আৰু বাণিজ্যিক/উদ্যান শস্যৰ বাবে ৫ শতাংশ।

ক্ষতিপূৰণৰ কভাৰেজ

  • শস্য চটিওৱাত/ৰোৱাত বাধাপ্ৰাপ্ত হোৱা – কম বৰষুণ/প্ৰতিকূল বতৰ।
  • বাধা জন্মা শস্য – খৰাং, শুকান বতৰ, বানপানী, জলপ্লাৱণ, কীট আৰু ৰোগ, ভূমিস্খলন, প্ৰাকৃতিকভাৱে জ্বলা জুই আৰু বজ্ৰপাত, ধুমুহা, শিলাবৃষ্টি, ঘূৰ্ণীবতাহ, ধুমুহা বতাহ, টাইফুন, হাৰিকেন আৰু টনেৰ্ডো।
  • চপোৱাৰ পাছত ক্ষতি – খুব বেছি দুসপ্তাহ।
  • স্থানীয় বিঘিনি – স্থানীয়ভাৱে হোৱা শিল-বতাহ, ভূমিস্খলন।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা  আঁচনিৰ অধীনত বীমা কভাৰৰ শস্যসমূহ-

  • খাদ্য শস্য (মাহ জাতীয় শস্য, কণী ধান আৰু দাইল জাতীয় শস্য) – আহু ধান, শালি ধান, গ্ৰীষ্মকালীন ধান, গোম ধান, মাটি মাহ আৰু মগু মাহ)
  • তেল গুটি – ৰেপ চীড আৰু সৰিয়হ
  • বাৰ্ষিক বাণিজ্যিক/বাৰ্ষিক উদ্যান শস্য আলু, কুঁহিয়াৰ, মৰাপাট

আঁচনিখন কাৰ্যকৰীকৰণৰ পূৰ্ব চৰ্ত –

  • উত্পন্ন হোৱা ফচলৰ তথ্যৰ ভিত্তিত দাবী নিষ্পত্তি কৰা হয়।
  • উল্লেখিত বীমা গোটৰ অঞ্চলত ৰাজ্য চৰকাৰে শস্য কটা পৰীক্ষাটো (CCE) প্ৰয়োজনীয় সংখ্যা মতে কৰিব, যিটো কাম অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগে কৰে।
  • শস্য কটা পৰীক্ষাৰ ভিতৰত লাভ কৰা শস্য উত্পাদনৰ তথ্যসমূহ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত বীমা কোম্পানীৰ ওচৰত দাখিল কৰিব।
  • শস্যকালীন অৱস্থাৰ আৰম্ভণিতে উচিত মূল্যমানৰ ভিত্তিত প্ৰিমিয়াম চাবচিডি মুকলি কৰিবলৈ বুলি ৰাজ্যৰ বাজেটত ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিব।
  • প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত কৃষকসকললৈ সোনকালে দাবী নিষ্পত্তি কৰণৰ বাবে স্মাৰ্ট ফোন আৰু মোবইল ফোন স্বচ্ছ ভাৱে ব্যৱহাৰ কৰিব পাৰিব।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে বিশদ বিৱৰণ

লগ ইন কৰক - www.agri_insurance.gov.in

ৰাজ্যিক নোডাল বিষয়াৰ নাম –

শ্ৰী বিতোপন শইকীয়া, কাৰিকৰী বিষয়া (চি.আই.এছ)

শস্য বীমা কোষ, কৃষি সঞ্চালকালয়, অসম

ফোন নং – ৯৭০৬৫৭৯২৮৫

বিতং তথ্যৰ বাবে চাওঁক, Crop Insurance – PMFBY পোৰ্টেল