কাৰ্যাৱলীআৰু উদ্দেশ্যসমূহ
কাৰ্যাৱলীসমূহ
- ৰাজ্যখনত মাটি, পানী আৰু গছ-গছনিৰ সম্পদৰ উত্তম ব্যৱহাৰ কৰি কৃষিৰ উত্পাদন খৰতকীয়া কৰাৰ লক্ষ্য ৰাখি কৌশল আৰু আঁচনিৰ সূত্ৰ উদ্ভাৱন আৰু কাৰ্যকৰী কৰা।
- কৃষক সম্প্ৰদায়ৰ অৰ্থনৈতিক উন্নয়নৰ বাবে উপভোক্তামুখী আঁচনি কাৰ্যকৰী কৰা।
- কৃষি সম্প্ৰসাৰণ সেৱাৰ যোগেদি কৃষক সমাজৰ মাজত প্ৰযুক্তিগত তথ্য যোগান আৰু কাৰ্যকৰীকৰণৰ বাবে কৃষক আৰু বিভাগৰ সমন্বয় স্থাপন।
- যোগান আৰু সেৱা যাতে সময় মতে আৰু পৰ্যাপ্ত পৰিমাণে পায়, যেনে- সাৰ, বীজ, কীটনাশক দ্ৰব্য, খেতিৰ সঁজুলি আদি তাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা হাতত লোৱা।
- ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ যোগেদি কৃষকসকলে যাতে খেতিৰ পৰা প্ৰচুৰ ফচল পায় তাৰ বাবে জলসিঞ্চন আঁচনি নিশ্চিত কৰা।
- কৃষকৰ বন্ধু জৈৱিক সাৰক জনপ্ৰিয় কৰা
- কীটনাশক দ্ৰৱ্যৰ ব্যৱহাৰ কমাই দিয়া আৰু ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট ব্যৱহাৰেৰে পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে কৃষকৰ মন ঢাল খুওৱা।
- পৰম্পৰাগত শস্যৰ পৰা বাণিজ্যিক শস্যলৈ ভূমিৰ বিস্তৃতকৰণৰ বাবে কৃষকসকলৰ মন ঢাল খুওৱা।
- গোটেই ৰাজ্য জুৰি কৃষিক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা মাটিৰ নমুনাৰ গুণাগুণ আৰু পুষ্টিৰ স্তৰ নিৰীক্ষণ কৰা।
- জলচ্ছেদ প্ৰকল্পৰ কাৰ্যকৰীকৰণৰ যোগে মাটি আৰু পানী সংৰক্ষণৰ বাবে কৃষকক শিক্ষা প্ৰদান কৰা।
- কৃষকসকলক কৃষি ঋণ শস্য বীমা আৰু পণ্য সামগ্ৰীৰ বাবে উপযুক্ত পাৰিশ্ৰমিক পোৱাৰ উপযুক্ত ব্যৱস্থা কৰা।
- দুৰ্যোগৰ (বানপানী, খৰাং আদি)ৰ সময়ত সহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা।
- উন্নয়ন আঁচনিৰ বাবে প্ৰয়োজন হোৱা কৃষিৰ বিষয়ে এক বিস্তৃত ধৰণৰ পৰিসংখ্যা আৰু অৰ্থনৈতিক তথ্য জৰীপ কৰি সংগ্ৰহ আৰু সাব্যস্ত কৰা।
- তথ্য আৰু যোগাযোগ কৌশলৰ (ICT) প্ৰয়োগৰ দ্বাৰা কৃষকক সহায় কৰা।
- গ্ৰাম্য দৰিদ্ৰতা নিবাৰণ কৰা।
- গ্ৰামাঞ্চলৰ বাসিন্দাৰ বাবে পুষ্টি আৰু জীৱন ধাৰণৰ মান উন্নীত কৰা।
উদ্দেশ্য
- সকলো পুঁজি যোগানকাৰীৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰা।
- নিবনুৱা সমস্যাৰ বিৰুদ্ধে যুঁজ দিবলৈ নিযুক্তিকৰণ সৃষ্টি কৰা
- চহৰ অঞ্চল আৰু গাঁও অঞ্চলৰ পাৰ্থক্যটো কমাবলৈ জনমূৰি আয় বৃদ্ধি কৰা।
- স্বাস্থ্য সুস্থিৰ ৰাখিবলৈ পুষ্টিৰ পৰিমাপ বৃদ্ধি কৰা।
- গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন কৰাটো নিৰুত্সাহ কৰিব লাগে যাতে সমাজত হেঁচা-টেপা আৰু আন আনুষঙ্গিক সমস্যাবিলাক কমি থাকে
- মহিলাৰ অৰ্থনৈতিক সবলীকৰণ
- পৰিবেশৰ ভাৰসাম্যতা, গ্লোবেল ৱাৰ্মিং পৰিহাৰ কৰা আৰু মানুহ আৰু প্ৰাণীৰ বাবে সুস্থ জীৱন নিৰ্বাহৰ বাবে পৰিবেশ সুৰক্ষা আৰু উন্নয়নত অৰিহণা যোগোৱা।
- খেতি চপোৱাৰ পাছত হোৱা হানি আৰু কৃষিজাত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত হোৱা আহুকাল কমাবলৈ বিপণনৰ সুবিধা সৃষ্টি কৰা।