মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

কাৰ্যাৱলীআৰু উদ্দেশ্যসমূহ

কাৰ্যাৱলীসমূহ

  • ৰাজ্যখনত মাটি, পানী আৰু গছ-গছনিৰ সম্পদৰ উত্তম ব্যৱহাৰ কৰি কৃষিৰ উত্পাদন খৰতকীয়া কৰাৰ লক্ষ্য ৰাখি কৌশল আৰু আঁচনিৰ সূত্ৰ উদ্ভাৱন আৰু কাৰ্যকৰী কৰা।
  • কৃষক সম্প্ৰদায়ৰ অৰ্থনৈতিক উন্নয়নৰ বাবে উপভোক্তামুখী আঁচনি কাৰ্যকৰী কৰা।
  • কৃষি সম্প্ৰসাৰণ সেৱাৰ যোগেদি কৃষক সমাজৰ মাজত প্ৰযুক্তিগত তথ্য যোগান আৰু কাৰ্যকৰীকৰণৰ বাবে কৃষক আৰু বিভাগৰ সমন্বয় স্থাপন।
  • যোগান আৰু সেৱা যাতে সময় মতে আৰু পৰ্যাপ্ত পৰিমাণে পায়, যেনে- সাৰ, বীজ, কীটনাশক দ্ৰব্য, খেতিৰ সঁজুলি আদি তাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা হাতত লোৱা।
  • ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ যোগেদি কৃষকসকলে যাতে খেতিৰ পৰা প্ৰচুৰ ফচল পায় তাৰ বাবে জলসিঞ্চন আঁচনি নিশ্চিত কৰা।
  • কৃষকৰ বন্ধু জৈৱিক সাৰক জনপ্ৰিয় কৰা
  • কীটনাশক দ্ৰৱ্যৰ ব্যৱহাৰ কমাই দিয়া আৰু ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট ব্যৱহাৰেৰে পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে কৃষকৰ মন ঢাল খুওৱা।
  • পৰম্পৰাগত শস্যৰ পৰা বাণিজ্যিক শস্যলৈ ভূমিৰ বিস্তৃতকৰণৰ বাবে কৃষকসকলৰ মন ঢাল খুওৱা।
  • গোটেই ৰাজ্য জুৰি কৃষিক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা মাটিৰ নমুনাৰ গুণাগুণ আৰু পুষ্টিৰ স্তৰ নিৰীক্ষণ কৰা।
  • জলচ্ছেদ প্ৰকল্পৰ কাৰ্যকৰীকৰণৰ যোগে মাটি আৰু পানী সংৰক্ষণৰ বাবে কৃষকক শিক্ষা প্ৰদান কৰা।
  • কৃষকসকলক কৃষি ঋণ শস্য বীমা আৰু পণ্য সামগ্ৰীৰ বাবে উপযুক্ত পাৰিশ্ৰমিক পোৱাৰ উপযুক্ত ব্যৱস্থা কৰা।
  • দুৰ্যোগৰ (বানপানী, খৰাং আদি)ৰ সময়ত সহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা।
  • উন্নয়ন আঁচনিৰ বাবে প্ৰয়োজন হোৱা কৃষিৰ বিষয়ে এক বিস্তৃত ধৰণৰ পৰিসংখ্যা আৰু অৰ্থনৈতিক তথ্য জৰীপ কৰি সংগ্ৰহ আৰু সাব্যস্ত কৰা।
  • তথ্য আৰু যোগাযোগ কৌশলৰ (ICT) প্ৰয়োগৰ দ্বাৰা কৃষকক সহায় কৰা।
  • গ্ৰাম্য দৰিদ্ৰতা নিবাৰণ কৰা।
  • গ্ৰামাঞ্চলৰ বাসিন্দাৰ বাবে পুষ্টি আৰু জীৱন ধাৰণৰ মান উন্নীত কৰা।

উদ্দেশ্য

  • সকলো পুঁজি যোগানকাৰীৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰা।
  • নিবনুৱা সমস্যাৰ বিৰুদ্ধে যুঁজ দিবলৈ নিযুক্তিকৰণ সৃষ্টি কৰা
  • চহৰ অঞ্চল আৰু গাঁও অঞ্চলৰ পাৰ্থক্যটো কমাবলৈ জনমূৰি আয় বৃদ্ধি কৰা।
  • স্বাস্থ্য সুস্থিৰ ৰাখিবলৈ পুষ্টিৰ পৰিমাপ বৃদ্ধি কৰা।
  • গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন কৰাটো নিৰুত্সাহ কৰিব লাগে যাতে সমাজত হেঁচা-টেপা আৰু আন আনুষঙ্গিক সমস্যাবিলাক কমি থাকে
  • মহিলাৰ অৰ্থনৈতিক সবলীকৰণ
  • পৰিবেশৰ ভাৰসাম্যতা, গ্লোবেল ৱাৰ্মিং পৰিহাৰ কৰা আৰু মানুহ আৰু প্ৰাণীৰ বাবে সুস্থ জীৱন নিৰ্বাহৰ বাবে পৰিবেশ সুৰক্ষা আৰু উন্নয়নত অৰিহণা যোগোৱা।
  • খেতি চপোৱাৰ পাছত হোৱা হানি আৰু কৃষিজাত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত হোৱা আহুকাল কমাবলৈ বিপণনৰ সুবিধা সৃষ্টি কৰা।