মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

ভূমিকা

  • এই আঁচনিখনৰ দুটা প্ৰস্তাৱনা আছে – (ক) মিনি মিছন-১. তেলবীজ আৰু মিনি মিছন-২. পাম তেল। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে তেল জাতীয় শস্যৰ উত্পাদন বৃদ্ধি কৰা এম.এম-১ৰ ভিতৰত ৰেপ চীড্ আৰু সৰিয়হ, তিল, বাদাম তেলৰ দৰে প্ৰচলিত তেল গুটিসমূহ আছে, আনহাতে এম.এম-২ত পাম তেলহে আছে। ২০১৪-১৫ বৰ্ষৰ পৰা পাম তেল নতুনকৈ সুমুৱাই দিয়া হৈছে আৰু কামৰূপ (ম) আৰু গোৱালপাৰা জিলাত প্ৰাৰম্ভিক হিচাপে আৰম্ভ কৰা হৈছে। এম.এম-১ প্ৰস্তাৱনাৰ অধীনত তেলৰ গুটি বিশেষ আৰু সৰিয়হৰ নতুন ধৰণৰ বীজৰ খেতি কৰা হৈছে যিটোৱে ৰাজ্যখনত বেছি উত্পাদন দেখুৱাইছে। পাম তেলৰ গছবিলাকে উত্পাদন দিবলৈ ৪ বছৰ লাগে আৰু উক্ত জিলা কেইখনত কৃষকসকলে এই শস্য ভালকৈয়ে গ্ৰহণ কৰিছে।