মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

পাম তেল – এম.এম-২

  • পাম তেলৰ বিষয়ে

    পাম তেল আমাৰ স্থানীয় খেজুৰী গছৰ সমজাতীয় আৰু পালমাইগোত্ৰৰ, ইয়াৰে প্ৰধান দুবিধ Elacisgunensis আৰু E. oleifera শ্ৰেণীৰ খেতি কৰা যায়। যিয়েই নহওক, টেনেৰানামৰ হাইব্ৰীড বিধক চাপৰ শ্ৰেণী আৰু অধিক উত্পাদনশীল বুলি পৃথিৱীৰ সকলোতে ইয়াৰ খেতি কৰা হৈছে। অৰ্থনৈতিক দিশৰ পৰা পাম তেলৰ গছে ২৫-৩০ বছৰলৈ ফল দি থাকে আৰু তাৰ পাছত ইয়াত গুচাই নতুনকৈ পুলি ৰুব লাগে। দেশত প্ৰয়োজনীয় পাম তেলৰ ৫০ শতাংশ তেল ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ পৰা আমদানি কৰা হয়।

    ৰাজ্যৰ কৃষি পাৰিপাৰ্শ্বিক অৱস্থাটো বহুবিলাক খোৱা তেলৰ বীজ উত্পাদন কৰিবলৈ অনুকূল। জনমূৰি উদ্ভিদজাত তেলৰ ব্যৱহাৰ ১৬ কেজি/বছৰ/জন হিচাপে, দেশত জনসংখ্যা বৃদ্ধিলৈ চালে, বছৰে বছৰে বহু তেল লাগে। কৃষকসকলে সীমিত শস্য ক্ষেত্ৰত বহুবিধ আৰু বিস্তৃতভাৱে খেতি কৰে বাবে পৰম্পৰাগত তেল বীজৰ শস্য আকৌ বেছিকৈ বঢ়োৱাৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে, গতিকে পাম তেলে এইখিনি প্ৰতিষ্ঠা কৰাত সঠিক হব, যিহেতু ইয়াৰ বাবে ওখ মাটিৰহে প্ৰয়োজন। কামৰূপ আৰু গোৱালপাৰা জিলাৰ পাহাৰৰ নামনি অঞ্চল, ছন পৰা মাটি, গড়াবাদী মাটি আদিত প্ৰাৰম্ভিক হিচাপে এই আঁচনিখন আৰম্ভ কৰা হৈছে আৰু এই দুখন জিলা ওপচাকৈ ভৰি উঠিল, বঙাইগাঁও জিলাখনকো এই আঁচনিৰ অঘীনলৈ অনা হব।

    পাম তেলৰ খেতি ৯.০ মিটাৰ দূৰে দূৰে ৰোৱাৰ বাবে আন এটা সুবিধা হৈছে, ইয়াৰ মাজে মাজে আন আন শস্যৰ খেতি, যেনে- আদা, হালধি, বেঙেনা, জলকীয়া, বিলাহী বেঙেনা, ফুল গছ, অসমীয়া নেমু, জাহাজী কল আদি কৃষকৰ বাবে পচন্দ মতে ৰুব পাৰে। এইখন আঁচনিৰ অধীনত এই বাবে অৰ্থ যোগান ধৰাৰ ব্যৱস্থাও আছে।

    Downloads
    TitleSizeDetail
    Minutes of Meeting1.09 MBswf-image