মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা

  • ভূমিকা

    ৰাষ্ট্ৰীয় কৃষি গৱেষণা যোজনাখন ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰ্যালয়ৰ কৃষি আৰু সহযোগ বিভাগে একাদশ পৰিকল্পনাৰ সময়ছোৱাত কৃষিখণ্ডৰ ৪ শতাংশ বৃদ্ধিৰ লক্ষ্য আগত ৰাখি ২০০৭-০৮ চনৰ পৰা আৰম্ভ কৰে। পুঁজি যোগানৰ গুণত কৃষি আৰু তেনেকুৱা সহযোগী বিভাগে একাদশ পৰিকল্পনাৰ সময়ছোৱাত বাৰ্ষিক ৩.৬৪ শতাংস বৃদ্ধিৰ লক্ষ্যত উপনীত হয়, যিটো দশম পৰিকল্পনাৰ সময়ছোৱাত বাৰ্ষিক বৃদ্ধিৰ হাৰ ২ শতাংশ আছিল।

    লক্ষ্য

    ১৯৮০ চনৰ সময়ছোৱাত কৃষিৰ জি.ডি.পি ৩ শতাংশতে স্থিৰ হৈ আছিল। ভাৰতবৰ্ষই নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ (১৯৯৬ৰ পৰা ২০০১-০২) সময়ত কৃষিৰ বৃদ্ধি ৪ শতাংশ লক্ষ্য আছিল যদিও আচল বৃদ্ধি তাতকৈ বহু কম আছিল। দেশৰ কৰ্মশক্তিৰ ৫০ শতাংশ ভাগ মানুহেই জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষি আৰু আনুসঙ্গিক খণ্ডত লেহেমীয়া বৃদ্ধিয়ে দেশৰ অৰ্থনীতিত তীক্ষ্ণ চাপৰ সৃষ্টি কৰিব পাৰে, কিয়নো এইটো খণ্ডত নিৰ্ভৰশীল বহুবিলাক মানুহে মুখামুখি হোৱা সমস্যাসমূহ হল-

    • শস্যক্ষেত্ৰ বিলাক হৈছে ডোখৰ-ডোখৰ
    • মৌচুমীৰ ওপৰত নিৰ্ভৰশীল
    • প্ৰাকৃতিক খেয়াল
    • বিপণনৰ অভাৱ
    • অসুৰক্ষিত কৃষিকৰ্ম
    • জ্ঞানৰ অভাৱ আৰু আওপুৰণি কৃষিকৰ্মত অভ্যস্ত।

    যদিও আন্তঃগাঁঠনিৰ দৰে কিছুমান খণ্ডত ৰাজহুৱা আৰু ব্যক্তিগত পুঁজিৰ বহুমুখী বৃদ্ধি হৈছে, কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰত কিন্তু তেনে হোৱা নাই, ফলস্বৰূপে কৃষক সমাজক পিবদৰ মুকলৈ ঠেলি দিয়া হৈছে, বিশেষকৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক। গতিকে কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰত পুঁজি যোগানৰ ওপৰত উত্সাহ যোগোৱাটোৰ প্ৰয়োজন অনুভৱ কৰা হৈছে। এই কথাখিনিকে পশ্চাদপটত ৰাখি দেশৰ আৰু কৃষকসকলৰ সমস্তৰে উন্নয়নৰ বাবে কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰৰ বাৰ্ষিক ৪ শতাংশ বৃদ্ধিৰ লক্ষ্যৰে ২০০৭-০৮ চনৰ পৰা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা সূচনা কৰা হৈছিল।

    কৰ্ম পদ্ধতি

    ৰাজ্যসমূহক উত্সাহিত কৰি, বতৰৰ পৰিৱৰ্তনৰ কথাটো ধৰি লৈ কৃষিৰ আঁচনিসমূহ বেছি বোধগম্য কৰি প্ৰাকৃতিক কাৰণ আৰু কৌশল সমূহকে সামৰি লৈ আৰু পশুপালন, হাঁহ কুকুৰা পালন আৰু মীন পালন, এই সকলোকে একগোট কৰি লৈ কৃষি আৰু আনুষঙ্গিক খণ্ডত কেন্দ্ৰীভূত কৰি উন্নত কৰিবলৈ আঁচনিখন কাৰ্যকৰী কৰা।

    উদ্দেশ্য

    দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত কৃষি আৰু আনুষঙ্গিক খণ্ডত সমূহীয়াভাৱে উন্নয়ন সাধন নিশ্চিত কৰি আশা কৰা মতে বাৰ্ষিক লক্ষ্যত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা  উপনীত হোৱা। আঁচনিখনৰ মূল উদ্দেশ্য হৈছে –

    • ৰাজ্যসমূহক উত্সাহ যোগোৱা, যাতে কৃষি আৰু আনুসঙ্গিক খণ্ডত ৰাজহুৱা পুঁজিৰ বৃদ্ধি কৰিব পাৰে।
    • কৃষি আৰু আনুষঙ্গিক খণ্ডৰ আঁচনিসমূহ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণত ৰাজ্যসমূহক নমনীয়তা আৰু স্বতন্ত্ৰতা দিব লাগে।
    • কৃষি বতৰৰ অৱস্থা, কৌলৰ পৰ্যাপ্ততা আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত ভিত্তি কৰি জিলা আৰু ৰাজ্যসমূহে কৃষি আঁচনি প্ৰস্তুত কৰাটো নিশ্চিত কৰা।
    • স্থানীয় প্ৰয়োজন/শস্য/অগ্ৰাধিকাৰ সমূহ যাতে ৰাজ্যৰ কৃষি আঁচনিত ভালকৈ প্ৰতিফলিত হয়, সেই কথা নিশ্চিত কৰা।
    • প্ৰয়োজনীয় শস্যসমূহৰ শস্য দিয়া সময়ৰ বিৰতিখিনিৰ মাজত হস্তক্ষেপ কৰি সময় কমোৱা লক্ষ্যত উপনীত হোৱাটো নিশ্চিত কৰা।
    • কৃষি আৰু আনুষঙ্গিক খণ্ডত কৃষকে বেছি ফচল পোৱা।
    • সামূহিকভাৱে কৌশল সলনি কৰি কৃষি আৰু আনুষঙ্গিক খণ্ডৰ কোনো সংযোগী বস্তুৰ উত্পাদনৰ পৰিমাণ সলনি কৰা।
    Downloads
    TitleSizeDetail
    RKVY, Minutes of SLSC 10-11-2013a792.41 KBswf-image
    RKVY, Minutes of SLSC 10-11-2014a1.51 MBswf-image
    RKVY, Minutes of SLSC 10-11-2010a453.33 KBswf-image
    RKVY, Minutes of SLSC 10-11-2012a933.18 KBswf-image
    RKVY, Minutes of SLSC 10-11-2011a750.15 KBswf-image
    RKVY, Minutes of SLSC 10-11-2016a1.48 MBswf-image
    RKVY, Minutes of SLSC 10-11-2017a1.32 MBswf-image
    Contact details of RKVY officials & others67.66 KBswf-image
    Govt of India's guidelines for RKVY4.12 MBswf-image
    Govt of Assam sanction letters2.97 MBswf-image