মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

আলোক দৰ্শন যাত্ৰাআৰু কৰ্মশালা

ইজৰাইলৰ আলোক দৰ্শন যাত্ৰা

জলসিঞ্চন আৰু সম্প্ৰসাৰণৰ বাবে ইজৰাইললৈ প্ৰশিক্ষণ আৰু আলোক দৰ্শন যাত্ৰা

ভাৰত-ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত এম.এ.এছ.এইচ.এ.ভি.(MASHAV)ৰ দ্বাৰা “জলসিঞ্চন আৰু সম্প্ৰসাৰণ ওপৰত ২০১৬ চনৰ ৪ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ ইজৰাইলত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰশিক্ষণ পাঠ্যক্ৰম।

প্ৰশিক্ষণৰ আঁচনিত প্ৰতিনিধিত্ব কৰা বিষয়াৰ নাম আৰু পদবী –

  • শ্ৰী ত্ৰিদিপ কুমাৰ ডেকা
    জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়, অসম খানাপাৰা, গুৱাহাটী-২২
  • শ্ৰী মদন মোহন দেউৰী ভৰালী জ্
    যেষ্ঠ কৃষি উন্নয়ন বিষয়া, উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়, অসম খানাপাৰা, গুৱাহাটী-২২

প্ৰশিক্ষণৰ বিস্তৃত বৰ্ণনা-

ইণ্ডো-ইজৰাইল প্ৰকল্পৰ অধীনত এম.এ.এছ.এইচ.এ.ভি.ৰ দ্বাৰা জলসিঞ্চন আৰু সম্প্ৰসাৰণৰ ওপৰত ২০১৬ চনৰ ৪ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ ইজৰাইলৰ CINADO ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰশিক্ষণ পাঠ্যক্ৰমত দুজন বিষয়াই অংশগ্ৰহণ কৰে। সংৰক্ষিত কৃষিখণ্ডত বিশেষভাৱে কৰা জলসিঞ্চনৰ বাবে আধুনিক কলা-কৌশল প্ৰয়োগৰে ইজৰাইলৰ শস্য উত্পাদন বহু অগ্ৰগামী। বিষয়বস্তুসমূহ কমলা জাতীয়, কল, আম, আঙুৰ, এভোকেডো, জলফাই, বাদাম, ডালিম, মধুৰিআম, শাক-পাচলি আৰু ফুল আদিৰ প্ৰসঙ্গ লৈয়ে ঘাইকৈ জলসিঞ্চন আৰু সাৰ প্ৰয়োগ, আধুনিক কৃষি ক্ষেত্ৰত পানী যোগান, সম্প্ৰসাৰণ নিয়মাৱলী, গৱেষণা আৰু সম্প্ৰসাৰণৰ মাজত সম্পৰ্ক, কৃষি নিয়মাৱলী আদিৰ ওপৰত প্ৰশিক্ষণ দিয়ে।