মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

আলোক দৰ্শন যাত্ৰাআৰু কৰ্মশালা

ৰাষ্ট্ৰীয় কল উত্সৱ

ৰাষ্ট্ৰীয় কল উত্সৱত যোগদান

ভাৰতৰ তামিলনাডু চৰকাৰে মাদুৰাইত ২০১৭ চনৰ ২১ জুলাইৰ পৰা ২৩ জুলাইলৈ অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় কল উত্সৱত অসমৰ উদ্যানশস্য আৰু খাদ্য সংসাধন বিভাগে যোগদান কৰে। তিনিদিনীয়া ৰাষ্ট্ৰীয় কল উত্সৱখন টি.এন.এ.ইউ.ৰ মাদুৰাই কৃষি মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হৈছিল। ত্ৰিচিৰ ৰাষ্ট্ৰীয় কল গৱেষণা কেন্দ্ৰই গোটেই দেশৰ পৰা সংগ্ৰহ কৰা ১০০বিধ কল প্ৰদৰ্শন কৰিছিল। তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ গৱেষণা কেন্দ্ৰসমূহে বিশ্ববিদ্যালয়খনে উন্নত কৰা গছ আৰু গছ গজোৱা সঁজুলিসমূহ প্ৰদৰ্শন কৰিছিল।


 

সেই মহোত্সৱত অসমৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে দুজন বিভাগীয় বিষয়া আৰু মৰিগাঁও জিলাৰ আমলিঘাটৰ পৰা ৮জন কল খেতিয়কক লৈ যোগদান কৰিছিল। অসমৰ বিপণীখনত অসমত হোৱা ভিন ভিন কল, যেনে- জাহাজী, মালভোগ, অমৃত সাগৰ, চেনিচম্পা, কাচ কল আৰু ভীমকলৰ প্ৰদৰ্শন কৰিছিল। সেই উত্সৱত অসমৰ বিপণীখন বিশষ আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিছিল আৰু ভাৰত চৰকাৰ আৰু আন আন ৰাজ্যৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়াসকলে দৰ্শন কৰিছিল। প্ৰদৰ্শকসকলে সৰুকৈ কাটি দিয়া ভীমকলৰ চকলডোখৰ খাই তাৰ প্ৰাচুৰ্য্যৰ বাবে সকলোৱে একেমুখে উচ্চ প্ৰশংসা কৰিছিল। বিভাগীয়ভাৱে পোষকতা কৰা ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানীয়ে পঠোৱা আমলিঘাটৰ কলৰ খেতিয়কসকলে বিপণীৰ দৰ্শকসকলক কলৰ খেতি কৰা আৰু জৈৱিকভাৱে কল উত্পাদন কৰাৰ পদ্ধতি, লগতে ৰাসায়নিক দ্ৰৱ্যৰ ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিক পদ্ধতিত কল পকোৱা নিয়মটো ব্যাখ্যা কৰিছিল। অসমৰ দলটোক নেতৃত্ব দছিল শ্ৰী এইছ.এন. তালুকদাৰ, ডি.এন.অ' (উদ্যান), মৰিগাঁৱে।