মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

আলোক দৰ্শন যাত্ৰাআৰু কৰ্মশালা

বাংলাদেশৰ আলোক দৰ্শন যাত্ৰা

উত্তৰ-পূৱ ভাৰত-বাংলাদেশ এক্সিম কনক্লেভ্, ঢাকা

উত্তৰ-পূব ফাউণ্ডেশ্যনে(NEF) ২০১৭ চনৰ ফেব্ৰুৱাৰী বাংলাদেশ জৈবিক সামগ্ৰীনিৰ্মাতা সংঘ, ঢাকা, এলাইড ফুড এক্সট্ৰাক্টৰচ্, চিলেট, আচান এচোছিয়েটচ, ঢাকা, সিন্ধিয়া এণ্টাৰপ্ৰাইজ সহযোগত নৰ্থ-ইষ্ট ইণ্ডিয়া বাংলাদেশ এক্সিম কনক্লেভ গঠন কৰে।

এই কনক্লেভৰ মূল উদ্দেশ্য আছিল আন্তৰ্জাতিক বিপণন সংযোগ, বিশেষকৈ অসমৰ জৈৱিক পণ্যসমূহ। যিহেতুকে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ লগত বাংলাদেশৰ সীমা লগ লাগি আছে আৰু যিহেতু বাংলাদেশে আগবাঢ়ি আহি ভাৰতবৰ্ষ আৰু উত্তৰ পূৰ্বাঞ্চলৰ লগত বাণিজ্যিক সহযোগী হৈছে, গতিকে উদ্যান শস্যৰ দৰে সম্ভাৱনাপূৰ্ণ পণ্যৰ বজাৰখনক উন্নত কৰিবলৈ খুবেই প্ৰয়োজন। ঢাকাত থকা ভাৰতৰ উচ্চায়ুক্ত ডাঙৰীয়াই এই প্ৰস্তাৱটো সমৰ্থন কৰিছে।

অসম চৰকাৰৰ অনুমোদন ক্ৰমে অসমৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক শ্ৰী পি.কে. হাজৰিকাৰ নেতৃত্বত এটা বিষয়াৰ দলে বাংলাদেশৰ ঢাকাৰ কনক্লেভত যোগদান কৰে। কৃষি বিভাগৰ আন আন বিষয়াবৰ্গ আছিল ড০ কৈলাস বৰ্মন, এছ.ডি.এ.অ, জিলা কৃষি বিষয়া, কামৰূপ, গুৱাহাটী, শ্ৰীখগেন্দ্ৰ শৰ্মা, এছ.ডি.এ.অ’(উদ্যান), উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়, অসম আৰু শ্ৰী মদন মোহন দেউৰী ভৰালী, জ্যেষ্ঠ এ.ডি.অ, উদ্যান শস্য আৰু খাদ্য সংসাধন, অসম।

ঢাকাত অনুষ্ঠিত প্ৰদৰ্শনীত অসমত হোৱা কিছুমান জৈৱিক পণ্য যেনে- আদা, হালধি, জহা চাউল, কোমল চাউল, ৰঙা চাউল আৰু আন আন কিছুমান অতুলনীয় পণ্য প্ৰদৰ্শন কৰা হৈছিল। ভালেকেইজন পুঁজি যোগানকাৰীৰ লগত তাত বাৰ্তালাপো হৈছিল আৰু এখন কৰ্ম আঁচনি প্ৰস্তুত কৰা হৈছেল। উত্তৰ-পূব ফাউণ্ডেশ্যনে, মুখ্য কাৰ্য্যবাহী বিষয়া, মিঃ ভানু সিঙে পাছত ২০১৭ চনৰ জুলাই মাহত ৰাজ্যখন ভ্ৰমণ কৰিছিল আৰু জৈৱিক পণ্য বজাৰখন সংযোগৰ আৰু উন্নয়নৰ বিষয়ে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ বিষয়াবৰ্গৰ লগত আলোচনা কৰিছিল।